asamiya

অহা ৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

Webdesk | Friday, January 12, 2018 10:22 AM IST

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অহা ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব। দশম শ্ৰেণীৰ পৰীক্ষাৰ ৪ এপ্ৰিলত আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ১২ এপ্ৰিলত অন্ত পৰিব। পৰিষদে নিজা ৱেবছাইট cbse/nic.in- ত কালি দুয়োটা পৰীক্ষাৰে সময়সূচী প্ৰকাশ কৰা হয়। দুয়োটা শ্ৰেণীৰে পৰীক্ষাসমূহ পুৱা ১০.৩০ বজাত আৰম্ভ হ'ব। পৰিষদৰ তথ্য অনুসৰি দুয়োটা পৰীক্ষাত এইবাৰ মুঠ ২৮ লাখ ২৪ হেজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উল্লেখ্য যে পৰীক্ষকক মূল্যায়নৰ বাবে অধিক সময় দিয়াৰ উদ্দেশ্যে পৰীক্ষা ফেব্ৰুৱাৰীত পতাৰ কথা পৰিষদে চিন্তা কৰিছিল।