asamiya

২০০ টকা দিয়েই শিক্ষাৰ্থীয়ে অবাধে নকল কৰিব পাৰে উত্তৰ প্ৰদেশত 

Sudipta | Friday, May 26, 2017 12:42 AM IST

প্ৰশাসনৰ নিৰ্লিপ্ততাৰে সুযোগ লৈ উত্তৰ-প্ৰদেশৰ শিক্ষা জগতত নকলৰ ব্যাপক পয়োভৰ ঘটিছে ।ৰাজ্যখনত মাত্ৰ ২০০ টকা দিলেই শিক্ষাৰ্থীয়ে নকল কৰাৰ সুবিধা পায় ।সংবাদ প্ৰতিষ্ঠানে চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে ।প্ৰাপ্ত অভিযোগ অনুসৰি নকল কৰাৰ বাবে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে ২০০ টকা দিবলগীয়া হয় ।এজন ব্যক্তিয়ে এনে সকলো ছাত্ৰ-ছাত্ৰীৰ পৰা ২০০ টকাকৈ ধন লয় ।লোকজনে শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ পাছত পৰীক্ষা গৃহত ছাত্ৰ-ছাত্ৰীয়ে অবাধে নকল কৰিব পাৰে ।পৰীক্ষকে তেওঁলোকক অকণো আমনি নকৰে ।ৰাজ্যখনৰ গাজিপুৰ জিলাৰ স্বামী সহজানন্দস্নাতকোত্তৰ মহাবিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ সময়ত ২০০ টকা দি নকল কৰা ঘটনাৰ ভিডিঅ' সংবাদ প্ৰতিষ্ঠানে সংগ্ৰহ কৰিছে ।বিষয়টোক লৈ সম্প্ৰতি ৰাজ্যখনৰ যোগী আদিত্যনাথ চৰকাৰ সমালোচিত হৈছে ।