asamiya

সাধাৰণ প্ৰশ্নৰ উত্তৰে নাজানে বিহাৰৰ শীৰ্ষস্থান প্ৰাপ্তই

Sudipta | Monday, June 5, 2017 2:49 AM IST

সাধাৰণ প্ৰশ্নৰ উত্তৰে নাজানে বিহাৰৰ শীৰ্ষস্থান প্ৰাপ্তই

বিগত বছৰত বিহাৰৰ কলা শাখাত চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা ৰুবী ৰায়ে 'পলিটিকেল ছায়ন্স' বিষয়ক 'প্ৰোডিকল ছায়ন্স' বুলি কৈ সকলোকে হতভম্ব কৰি তুলিছিল ।চলিত বছৰত সেই একে কাম গণেশ কুমাৰ নামৰ ছাত্ৰ এজনে কৰা তথ্য পোহৰলৈ আহিছে ।সংগীত বিষয়ত ৭০ৰ ভিতৰত ৬৫ নম্বৰ লাভ কৰা গণেশৰ সংগীত বিষয়ত জ্ঞান নাই বুলিয়ে ক'ব পাৰি ।স্থানীয় একাংশ সাংবাদিকে গণেশকসংগীতৰ বিষয়ে কেইটামান সাধাৰণ প্ৰশ্ন কৰাৰপাছতে জোলোঙাৰ মেকুৰী ওলাই পৰে ।এটা টেলিভিছন নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত গণেশে কয় যে লতা মংগেশকাৰক 'মৈথিলী কোকিলা' বুলি জনা যায় ।সমষ্টিপুৰৰ এখন বিদ্যালয়ত অধ্যয়ন কৰা গণেশে  পাহৰি গ'ল যে সমষ্টিপুৰৰে প্ৰসিদ্ধ লোকসংগীত শিল্পী সাৰদা সিন্ হাক 'মৈথিলী কোকিলা' বুলি কোৱা হয় ।আনফালে গণেশক সংগীতৰ সুৰ, তাল, মাত্ৰাৰ বিষয়ে প্ৰশ্ন কৰাতো কোনো উত্তৰ দিব নোৱাৰিলে ।মন কৰিবলগীয়া যে সমষ্টিপুৰৰ জগদীপ নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৮২.৬ শতাংশ নম্বৰ লৈ কলা বিষয়ত গণেশে শীৰ্ষস্থান অধিকাৰ কৰিছে ।ছাত্ৰজনে হিন্দী বিষয়ত ৯২ শতাংশ নম্বৰ পাইছে ।