read

অসমত দূৰৱৰ্তী শিক্ষা- ব্য়ৱস্থা

Webdesk | Wednesday, December 7, 2016 2:47 PM IST

অসমত দূৰৱৰ্তী শিক্ষা বৰ্তমান কেইবাখনো  বিশ্ৱবিদ্য়ালয়ে প্ৰদান কৰি আছে। তাৰ ভিতৰত উল্লেখযোগ্য় হ'ল গুৱাহাটী বিশ্ৱবিদ্য়ালয়,ডিব্ৰ ুগড় বিশ্ৱবিদ্য়ালয়,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য়িক মুক্ত বিশ্ৱবিদ্য়ালয় ইত্য়াদি। এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিদ্য়ালয়ৰ উত্তৰ-পূৰ্বাঞ্চলতে মুঠ ২০০ টাতকৈও অধিক শিক্ষাকেন্দ্ৰ আছে। উক্ত শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে তেওঁলোকৰ নিজা নিজা ৱেবছাইট আছে। এইসমূহত ইণ্টাৰনেট যোগে চাই ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সবিশেষ জানি ল'ব পাৰে। এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ অন্তৰ্গত পাঠ্য়ক্ৰমসমূহ মুক্ত আৰু দূৰৱৰ্তী শিক্ষা প্ৰতিষ্ঠানৰ দ্ৱাৰা স্ৱীকৃত।